পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত গোলাঘাটত কৰ্মবিৰতি পালন

 10/02/2019 - 19:57

গোলাঘাটঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত গোলাঘাটত কৰ্মবিৰতি পালন৷ গোলাঘাটত প্ৰতিবাদকাৰীৰ সন্মুখত সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, আৰু দেৰগাঁওৰ বিধায়িকা আৰতি কচাৰী।

গোলাঘাট জিলা সমিতিৰ সহযোগত বুধবাৰে গান্ধী জয়ন্তীৰ দিনাও কৰ্মচাৰীসকলে গোলাঘাট জিলা পৰিষদৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত কৰ্মবিৰতিৰ জৰিয়তে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

চাকৰি সুনিশ্চিত কৰা; চৰকাৰী সকলো সুবিধা আদায় দিয়া আদিৰ দাবীত যোৱা ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে এই কৰ্মবিৰতি পালন কৰিব। গোলাঘাটৰ প্ৰতিটো ব্লক আৰু পঞ্চায়ততে এই কৰ্মবিৰতি পালন কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।