ৰায়পুৰত গান্ধী জয়ন্তী উপলক্ষে সজাগতা শিবিৰ

 10/02/2019 - 20:05

হাউলীঃ সমগ্ৰ দেশতে মহাত্মা গান্ধীৰ জন্মদিন। এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ হাউলীৰ সমীপৰ ৰায়পুৰ গাঁৱত দিনৰ এক বজাত স্থানীয় সচেতন ব্যক্তি আনোৱাৰা হুছেইনৰ পৌৰোহিত্যত এখন বিশেষ সজাগতা আৰু প্ৰদৰ্শনী শিবিৰ অনুষ্ঠিত হয়।

এখন প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ সংকল্পৰে ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সম্প্ৰসাৰণ কেন্দ্ৰ কাজলগাঁও আৰু জিলা পঞ্চায়ত সমলকেন্দ্ৰ বৰপেটাৰ উদ্যোগত ৰায়পুৰ যুটীয়া দায়বদ্ধ স্বাৱলম্বী গোটসমূহৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বৃহত্তৰ অঞ্চলখনত প্ৰায় দুশ দৰিদ্ৰ পৰিয়ালক বেংক ঋণৰ দ্বাৰা আৰ্থিক দিশত সহযোগিতা আগবঢ়ায়।

গোটসমূহক সকাহ দিয়া আনকি আত্মসহায়ক গোটসমূহৰ প্ৰয়োজনীয় চৰকাৰী সুযোগ-সুবিধা পোৱাৰ বাবে বিভিন্ন পৰামৰ্শৰে অনুপ্ৰাণিত কৰা এচ আই পি আৰ ডিৰ কাজলগাঁওৰ অধ্যক্ষ অমৰজ্যোতি দাস, চকা উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰদীপ কলিতা এচবিআই শিমলাগুৰি শাখাৰ শাখা পৰিচালক তপন ৰঞ্জন দত্ত, পঞ্চায়ত সচিব কণক কলিতা আৰু কলহভাঙ্গা গাওঁ পঞ্চায়তৰ সভাপতি আবু তাহেৰ উপস্থিত থাকে। সভাত সম্পূৰ্ণৰূপে প্লাষ্টিক বৰ্জন কৰি বাহ-বেতৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈয়ো উপস্থিত থকা শতাধিক পুৰুষ-মহিলালৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।