গান্ধী জয়ন্তী উপলক্ষে নলবাৰীত চিত্ৰশিল্পীসকলৰ দেৱালয়ত চিত্ৰাংকণ

 10/02/2019 - 20:07

নলবাৰীঃ সঁহাৰিৰ প্ৰথম বৰ্ষপুতি আৰু গান্ধী জয়ন্তী উপলক্ষে নলবাৰীত পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত(গৰ্ডন খেলপথাৰ)একেখন মঞ্চতে নলবাৰীৰ প্ৰসিদ্ধ চিত্ৰশিল্পীসকলৰ দ্বাৰা দেৱালত অংকন।

এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বালবীৰ শৰ্মা অতিৰিক্ত সঞ্চালক, নেহেৰু যুৱ কেন্দ্ৰ, অসম৷

এই কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হ'ল দেৱাল অংকনৰ জৰিয়তে স্বচ্ছ ভাৰত, সেউজ ভাৰত আৰু প্লাষ্টিক মুক্ত ভাৰতৰ সপক্ষে জনতাক সজাগ কৰোৱা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।