নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এবিভিপি ৰ সংবাদমেল

 10/02/2019 - 20:13

লখিমপুৰঃ সংবাদমেল আয়োজন কৰে এবিভিপি ৰ লখিমপুৰ শাখাই। নৰ্থ লখিমপুৰ কলেজত নিৰ্বাচন কেন্দ্ৰীক অৰাজকতা সংবাদমেলত ফাদিল। যোৱাবৰ্ষৰ ছাত্ৰএকতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা তথা এইবৰ্ষৰ নিৰ্বাচন সুন্দৰ প্ৰক্ৰিয়াৰে সম্পাদন হোৱাৰ দিশত যোৱাৰ পিছতো উপায়ুক্তৰ এক নিৰ্দেশযোগে হঠাৎ বন্ধ কৰি দিয়া হয় নিৰ্বাচন।

পুনৰ নতুনকৈ অনুষ্ঠিত কৰাৰ নিৰ্দেশত তীব্ৰ ক্ষোভ এবিভিপিৰ। ছাত্ৰ সমাজক লৈ হেতালি নেখেলিবলৈ সকীয়নি সকলো পক্ষক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।