গান্ধী জয়ন্তী উপলক্ষে জনীয়াৰ কৰাৰকুৰ বেকী দলঙৰ পৰা জনীয়ালৈ পদযাত্ৰা

 10/02/2019 - 21:39

জনীয়া: বুধবাৰে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে কৰাৰকুৰ বেকী দলঙৰ পৰা জনীয়ালৈ পদযাত্ৰা উলিয়ায়। উক্ত পদযাত্ৰাত বৰপেটাৰ সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ, বৰপেটা জিলা কংগ্ৰেছৰ তত্বাৱধায়ক দিগন্ত চৌধুৰী, জনীয়া জিলা পৰিষদৰ এম হাবিবুল্লাহ, জনীয়া বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ছামচুল হক আদি কৰি বিভিন্ন সমষ্টিৰ বহুতো জন প্ৰতিনিধি, দলীয় নেতা, কৰ্মীয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।