গান্ধী জয়ন্তী উপলক্ষে বৰপেটাত চিত্ৰাংকণ প্ৰতিযোগিতা

 10/02/2019 - 21:42

বৰপেটাঃ মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী তথা ফ্ৰেণ্ডচ্ ক্লাব এণ্ড লাইব্ৰেৰীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে বৰপেটা চহৰৰ বৰপেটা টাউন হাইস্কুলত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে। এই উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়।

সভাত বিশিষ্ট চিকিৎসক ডা: চৈয়দ আহমেদ জাদিদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিযোগিতাখন মুকলি কৰি বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে কয় মহামানৱ মহাত্মা গান্ধীৰ সপোনবোৰ আজিও পূৰণ হোৱা নাই। মহাত্মা গান্ধীৰ আধৰুৱা সপোনবোৰ নবপ্ৰজন্মই পূৰাব লাগিব বুলি বিধায়ক গৰাকীয়ে আশা ব্যক্ত কৰে।

মহাত্মা গান্ধীৰ আদৰ্শ মানি চলিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক গৰাকীয়ে। সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ফ্ৰেণ্ডচ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ বিষয়ববীয়া, শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। এই প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।