দেবেৰাপাৰ আৰক্ষীয়ে অস্ত্ৰৰ বিপৰীতে হাতত ঝাড়ু লৈ নামিল ৰাজপথত

 10/02/2019 - 21:49

মৰিয়নীঃ নকছাৰিত এইবাৰ চোৰ ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নহয়। হাতত ঝাড়ু লৈ ৰাজপথতত স্বচ্ছতাৰ অভিযানত নামিল দেবেৰাপাৰ আৰক্ষী।

বুধবাৰে পুৱা গান্ধী জয়ন্তী উপলক্ষে মৰিয়নী আৰক্ষী চকীৰ অন্তৰ্গত দেবেৰাপাৰ আৰক্ষী কৰ্মীসকলৰ লগতে, টাই আহোম ছাত্ৰ সন্থা আৰু নকছাৰিৰ সচেতন ৰাইজে হাতে-হাতে ঝাড়ু লৈ চাফাই অভিযানত নামি পৰা দেখা গ’ল দেবেৰাপাৰ চাৰিআলিৰ ৰাজপথত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।