ৰঙিয়া ৰেলৱে সংমণ্ডলৰ স্বচ্ছতা পষেকৰ সামৰণি

 10/02/2019 - 21:53

ৰঙিয়াঃ ৰঙিয়া ৰেলৱে সংমণ্ডলৰ পষেক জোৰা অব্যাহত থকা স্বচ্ছতা পষেকৰ বুধবাৰে সামৰণি পৰে। এই উপলক্ষে ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে ৰঙিয়া ৰেলৱৈ মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰে। সংবাদ মেলখনত ৰেল প্ৰৱন্ধকগৰাকীয়ে যোৱা ১৫ দিনত ৰেল বিভাগে স্বচ্ছতাৰ ওপৰত লোৱা পদক্ষেপ সম্পৰ্কত অৱগত কৰে। প্ৰবন্ধক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে স্বচ্ছতাৰ ওপৰত উত্তৰ পূৱ ৰেলৱে কিছু পদক্ষেপ হাতত লৈছে।

বিশেষকৈ যোৱা ১৫ দিনত ৰঙিয়া ৰেল বিভাগে স্বচ্ছ ভাৰতৰ ওপৰত কাৰ্যসূচী ৰূপায়ন কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰিছে। ৰঙিয়া ৰেল সংমণ্ডলৰ অধিনত থকা কেইবাটাও ৰেলষ্টেচনত চাফাই অভিযান চলাই জাৱৰ পেলোৱা ঠাইসমুহত গছপুলি ৰোপন কৰি সোন্দৰ্য্যবৰ্ধনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ৰঙিয়া ৰেলষ্টেচনৰ লগতে কেইবাটাও ষ্টেচনত এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক সম্পূৰ্নৰূপে নিষিদ্ধ কৰা বুলি ঘোষনা কৰে মাণ্ডলিক প্ৰৱন্ধকগৰাকীয়ে।

ইফালে ৰঙিয়া ৰেলষ্টেচনৰ লগতে বৰপেটা আৰু নিউ বঙাইগাঁও ৰেলষ্টেচনত প্লাষ্টিকৰ বটল ক্ৰেচিং মেচিন স্থাপন কৰা বুলি অৱগত কৰি ইয়াৰ দ্বাৰা কিছু পৰিমানে প্লাষ্টিক মুক্ত হ’ব বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে। আনহাতে ৰঙিয়া ৰেল সংমণ্ডলৰ অধিনত থকা ষ্টেচনসমুহৰ ভিতৰত নাহৰলগুণ ষ্টেচনৰ পৰা আৰম্ভ কৰি আটাইকেইটা ষ্টেচনতে যাত্ৰীবাহী ৰেলসমূহ ক্লিনিং কৰাৰ ব্যৱস্থা কৰি কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান আঁচনি বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰা হোৱা বুলি সংবাদমেলখনত ৰেল বিষয়াগৰাকীয়ে উল্লেখ কৰে।

আনহাতে যাত্ৰীসকলৰ সুবিধাৰ্থে ৰঙিয়া ৰেলষ্টেচনত পূৰ্বৰ পৰা ওৱাইফাই সংযোগ থকাৰ উপৰিও কেইবাটাও ষ্টেচনকে ধৰি বিশেষকৈ বৃহস্পতিবাৰৰ পৰা মেঘালয়ৰ মেণ্ডি পথাৰ ষ্টেচনত ওৱাইফাই সংযোগ কৰা বুলিও ৰেল প্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। ৰেল ষ্টেচন সমূহত সুৰক্ষাৰ দিশটো চোৱাৰ বাবে চিচি কেমেৰা সংযোগ কৰাহৈছে যদিও স্বচ্ছতাৰ ক্ষেত্ৰটো চিচি কেমেৰা সমুহে বিশেষভাৱে সহযোগ কৰিব বুলিও জানিব দিয়ে বিষয়াগৰাকীয়ে।

যাত্ৰীবাহী ৰেলসমূহৰ লগতে ষ্টেচনসমূহ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত ডি আৰ এম গৰাকীয়ে ৰেল আৰক্ষীৰ সক্ৰিয়তাৰ বিষয়টোৰ ওপৰটো বক্তব্য ৰাখে। ৰেল যাত্ৰীসকলক স্বচ্ছতাৰ উপৰত অধিক সজাগ কৰাৰ ক্ষেত্ৰত ৰেল আৰক্ষীৰ ভূমিকা অধিক বুলি উল্লেখ কৰে। ইফালে দিনৰ ১২ বজাত ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংবাদমেলখনত এ ডি আৰ এম সন্তোশ কুমাৰ শৰ্মা, চি এম আই ঋষিকেশ ডেকা, ডি এম ই মুকেশ নাগৰ, জেষ্ট বানিজ্যিক প্ৰৱন্ধক সঞ্জিৱ কুমাৰ ঘোচৰ লগতে ডি এন চি জেপি সিং উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।