কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বাক্সাৰ প্ৰবীণ দাস

 10/03/2019 - 11:18

বিজনীঃ কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী হৈছে এগৰাকী ব্যক্তি৷ ব্যক্তিগৰাকী হ'ল বাক্সা জিলাৰ বাৰাপেটা গাঁৱৰ প্ৰৱীণ দাস৷ কৃষক প্ৰবীণ দাসে নিজ গৃহতে প্ৰায় ২০বছৰ ধৰি বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰি আহিছে স্বাস্থ্য সন্মত অইষ্টাৰ কাঠফুলা৷ উচ্চমানৰ প্ৰটিন আৰু ভিটামিন যুক্ত, বিভিন্ন ৰোগ প্ৰতিৰোধী অইষ্টাৰ কাঠফুলাৰ উৎপাদন কৰি প্ৰবীণ দাসে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

তেখেতে প্ৰাৰম্ভিক পৰ্যায়ত কাঠফুলা উৎপাদনৰ বাবে বিভিন্ন ঠাইত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷ বিশেষ পদ্ধতিৰে বীজৰোপন কৰাৰ প্ৰায় ১মাহৰ ভিতৰত কাঠফুলা খোৱাৰ বাবে উপযুক্ত হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দি ইচ্ছুক ব্যক্তিক কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলিও জনায় কৃষকগৰাকীয়ে৷ প্ৰতি কিলোগ্ৰাম কাঠফুলা ২০০ টকাকৈ বিক্ৰী কৰি এখন বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে তেখেতে৷

সংবাদ মাধ্যমক জনোৱা অনুসৰি খাৰিজা বিজনী, বৰপেটা ৰোড, সৰভোগ, হাউলী, বৰপেটা, নলবাৰী, বঙাইগাঁও আদি বিভিন্ন অঞ্চলত তেওঁ উৎপাদন কৰা কাঠফুলাৰ যোগান ধৰে৷ চৰকাৰী অথবা কৃষি বিভাগৰ কোনো সা-সুবিধা লাভ নকৰাকৈয়ে কাঠফুলা খেতি কৰিয়ে ৬ জনীয়া পৰিয়াল পোহপালদি স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে কৃষক প্ৰবীণ দাসে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।