ভাৰতীয় সেনাৰ সৌজন্যত বিনামূলীয়া চিকিৎসা সেৱা

 10/03/2019 - 11:45

পূৱ-বৰপেটাঃ বুধবাৰে বৰপেটা জিলাৰ অন্তৰ্গত গোমাফুলবাৰী ছিনিয়ৰ মাদ্ৰাছাত ভাৰতীয় সেনাৰৰ তৰফৰ পৰা বিনামুলীয়া চিকিৎসা শিবিৰ পাতি চিকিৎসাসেৱা আগবঢ়ায়৷ শিবিৰটোত আৰ্মীৰ বিষয়া ববীয়াসকল আৰু ৮জন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় উপস্থিত লোকসকলক৷ চিকিৎসাসেৱা পাবলৈ অগনন লোক ভিৰ কৰা পৰিলক্ষিত হয়৷

চিকিৎসাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতিৰ ব্যৱস্থা আৰু কিছুমান তাৎক্ষণিকভাবে পৰীক্ষা নিৰীক্ষণ কৰে তেওঁলোকে৷ ইয়াৰ উপৰিও উপস্থিত জনসাধাৰণৰ মাজত মহিলাসকলক একোটাকৈ খাদ্যৰ পেকেট আৰু পুৰুষসকল একোযোৰকৈ জোতা বিতৰন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।