ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতিত অচলাৱস্থাঃ সম-কামৰ সমহাৰত দৰমহাৰ লগতে চাকৰি নিয়মীয়া কৰাৰ দাবী

 10/03/2019 - 12:09

দলগাঁওঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰুপেটীয়া আৰু বেছিমাৰী উন্নয়ন খণ্ডত নিয়োজিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে পালন কৰিছে কৰ্মবিৰতি। ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীৰ দৰে বিভিন্ন পদত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ সম-হাৰত দৰমহা আৰু চাকৰি নিয়মীয়া কৰাৰ দাবীত পাঁচদিনীয়া কৰ্মবিৰতিত উন্নয়ন খণ্ড আৰু পঞ্চায়ত সমূহত কাম-কাজ স্থবিৰ হৈ পৰিছে।

উল্লেখ্য যে এ.ই ৰ দৰমহা ১৯,৬২০ টকা, জি আৰ এচ, একাউন্ট এছিছটেন্ট আৰু কম্পিউটাৰ এছিছটেন্টৰ দৰমহা ৯২৪০ টকাৰ বিপৰীতে গাঁও পঞ্চায়ত সমন্বয়কৰ দৰমহা ১০৩০০ টকা। বিৰতি পালন কৰা কৰ্মচাৰী সকলে জানিবলৈ দিয়া মতে, তেওঁলোকে বিগত বাৰটা বছৰে নূন্যতম দৰমহা লৈ নিয়মীয়া কৰ্মচাৰীৰ সমানে সমানে সেৱা আগবঢ়াই আহিছে যদিও বৰ্ধিত সামগ্ৰীৰ মূল্যই তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সৃষ্টি হৈছে।

চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱা স্বত্বেও ঠিকাভিত্তিক কৰ্মচাৰীৰ ন্যায্য দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত হতাশ হৈ পৰিছে কৰ্মচাৰী সকল। ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অতি সোনকালে বিষয়টো গুৰুত্ব নিদিলে কৰ্মবিৰতি অনিৰ্দিষ্ট কাললৈ চলিব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।