বাক্সাত ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যা ব্যক্তিৰ

 10/03/2019 - 13:07

খাৰিজা বিজনীঃ গোৱৰ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত বাক্সাৰ বৰপেটা মিলন বজাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যা শুকুৰ আলীৰ ৩২ বছৰীয়া বিবাহিত পুত্ৰ মনোহৰ বাশ্বা নামৰ লোক জনৰ৷ এবছৰ ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ বাবেই আত্মহত্যাৰ পথ বাছি লেৱা বুলি ব্যক্ত কৰে পৰিয়ালৰ লোকে৷

যোৱানিশা পৰিয়ালৰ অজ্ঞাতে বৰপেটাৰোড ৰে’ল ষ্টেচনৰ কিছু নিলগত ৰে’লৰ আগত জপিয়াই আত্মহত্যা কৰে লোকজনে৷ পুৱা আত্মহত্যাৰ বাতৰি পোৱাৰ পিছতে পৰিয়ালটোত উঠে কান্দোনৰ ৰোল৷ পত্নীসহ কণ কণ তিনিটি শিশু এৰি থৈ যায় লোকজনে৷ মৃতদেহটো বৰপেটাৰোড ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক গতাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।