জনীয়া ব্লুবেল জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা

 10/03/2019 - 14:10

জনীয়াঃ বৰপেটা জিলাৰ অন্তৰ্গত জনীয়া ব্লুবেল জুনিয়ৰ কলেজৰ দ্বিতীয় বাৰ্ষিক নৱাগত আদৰণি সভাখন বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী মতে পুৱা ৮বজাত প্ৰবক্তা ফুলজান খাতুনৰ পৰিচালনাত পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সদস্য মকবুল হুছেইনে। পুৱা ৯বজাত প্ৰবক্তা ক্ৰমে হাবিবুল হক, দিব্যাশ্ৰী দাস, স্বেলিনা আকতাৰ, হুচনী নুৰৰ পৰিচালনাত ন-পুৰণি ছাত্ৰছাত্ৰীৰ মিলন সমাৰোহ আৰু ৰংচৰা অনুষ্ঠান পৰিচালিত হয়।

পুৱা ১০-৩০ বজাত অধ্যক্ষ দেৱান ছাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত মুকল সভাত উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শহিদুল ইছলামে। উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে বঙাইগাঁও বিদ্যালয়সমুহৰ পৰিদৰ্শক ছাদুল্লা খানে কয় যে ছাত্ৰ-ছাত্ৰী জীৱনটো গঢ়িবলৈ হ’লে নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাবে প্ৰস্তুত কৰি তুলিব লাগিব।

যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ব্যায়াম, নিয়মানুৱৰ্কতিতা তথা সময়ৰ প্ৰতি সজাগ থাকিবলৈ আহ্বান জনায়। বক্তব্যত তেখেতে ছাত্ৰজীৱনত বন্ধু-বান্ধৱী বাচনিৰ ক্ষেত্ৰত সজাগ নহ’লে জীৱনটো বিপথে বিচলিত হোৱাৰ সম্ভাৱনা থাকে বুলিও কয়। সভাত বিশিষ্ট অতিথি হিচাপে জনীয়া এফ এ এ এম কলেজৰ অধ্যক্ষ ছানোৱাৰ ৰহমানে নিৰ্দিষ্ট বক্তা হিচাপে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিক, আমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক ওমৰ আলী, জনীয়া আঞ্চলিক ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক আয়নাল হক চৌধুৰী, মহম্মদপুৰস্থিত জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলাম, কাদং ছানফ্লাৱাৰ একাডেমীৰ অধ্যক্ষ আফজালুৰ ৰহমান, সাংবাদিক ক্ৰমে মইনুল হক চৌধুৰী, আবুল হুছেইনেও শৈক্ষিক দিশৰ ওপৰত বক্তব্য আগবঢ়ায়।

আবেলি ২বজাত এফ এ এ এম কলেজৰ প্ৰবক্তা দেৱান দানেচ আলীয়ে উদ্বোধন কৰা সাংস্কৃতিক সমাৰোহত ছাত্র-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ গীত-মাত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।