গড়কাপ্তানি বিভাগৰ পথৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব

 10/03/2019 - 14:18

গোলাঘাটঃ ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ পথৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। পথ নে পুখুৰী ধৰিবই নোৱাৰি। এই দৃশ্য গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত পদুমনি হাতীয়েখোৱা পথৰ। যাৰ ফলত দৈনিক অহা যোৱা কৰা লোক সকলৰ চৰম দুৰৱস্থাৰ সৃষ্টি হৈছে। পুখুৰী সদৃশ পৰিৱেশৰ ফলত সেই পথেৰে অহা যোৱা কৰা যাত্ৰীবাহী যান-বাহন সমুহৰ এতিয়া চলাচল বন্ধ হৈ পৰিছে।

শেহতীয়াকৈ দুগৰাকী মহিলাৰ এই পথচোৱাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ২০১৮ বৰ্ষতে এই পথচোৱা পুনৰ নিৰ্মাণৰ বাবে ৰাজ্যৰ গড়কাপ্তানি বিভাগে ১৩৩.৯৩লাখ টকা আৱন্তন দিছিল। কিন্তু ঠিকাদাৰে মাত্ৰ ২ কি:মি: পথ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে। ঠিকাদাৰৰ ওপৰত গুৰুত্বৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে এই জৰাজীৰ্ন পথচোৱা নিৰ্মাণ কৰাৰ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।