পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ নিৰুদ্দেশ হৈ থকা লোকৰ মৃতদেহ

 10/03/2019 - 14:47

নগৰবেৰাঃ গোৱালপাৰাৰ শিমলীতোলাত মৃতদেহ উদ্ধাৰ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ইয়াৰ আলী নামৰ লোকজনৰ মৃতদেহ। মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। কানকাটা গাঁৱৰ ৭৫ বছৰীয়া ইয়াৰ আলী নামৰ লোকজনে মঙ্গলবাৰে ঘৰৰ পৰা নৱাগত শিমলীতোলা বজাৰত বজাৰ কৰিবলৈ বুলি উলাই গৈছিল।

সেইদিনৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। বৃহস্পতি বাৰে শিমলীতোলা গাঁৱৰ বাবুল আলীৰ পুখুৰীত মৃতদেহটো ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুখুৰীৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।