নগাঁৱত ইউনাইটেড বেংকৰ উদ্যোগত গ্ৰাহক সম্পৰ্ক উৎসৱ

 10/03/2019 - 14:49

নগাঁৱঃ গ্ৰাহক সম্পৰ্ক উৎসৱৰ অংশৰূপে বৃহস্পতিবাৰে নগাঁৱত ২৫টাকৈ ৰাষ্ট্ৰীয়কৃত বেংকৰ এদিনীয়া শিবিৰ অনুষ্ঠিত হয়। ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই শিবিৰত উদ্ধোধনী ভাষণ প্ৰদান কৰে ইউ বি আইৰ মহা প্ৰবন্ধক আলোক সিনহাই।

নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞাৰ লগতে কেইবাগৰাকীও জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী উপস্থিত থকা এই শিবিৰত গ্ৰাহকসকলে কেনেকৈ সহজতে বেংক ঋণৰ সুবিধা লাভ কৰিব পাৰে সেই সম্পৰ্কে অৱগত কৰা হয়। উল্লেখ্যযে, ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি এই ৰাষ্ট্ৰীয়কৃত বেংকসমূহে গ্ৰাহকক সহজতে ডিজিটেল লেন-দেন ঋণ প্ৰদানৰ আঁচনি হাতত লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।