ৰঞ্জন দৈমাৰী অবিহনে ওদালগুৰিত ‍এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

 10/03/2019 - 15:00

ওদালগুৰিঃ প্ৰথম বাৰৰ বাবে এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী অবিহনে সংগঠনটোৱে পালন কৰিলে এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱস।ওদালগুৰিৰ সোনাই গাঁওত অৱস্হিত ৰঞ্জন দৈমাৰী গোটৰ ডেজিগনেটেড কেম্পত বৃহস্পতিবাৰে স্হানীয় ৰাইজৰ উপস্হিতিত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে এন ডি এফ বিৰ সাধাৰন সম্পাদক বি অঞ্জালুৱে।

শান্তি আলোচনাৰ স্বাৰ্থত কাৰাৰুদ্ধ হৈ থকা এন ডি এফ বিৰ সভাপতি ৰঞ্জন দৈমাৰীসহ তিনি শীৰ্ষ নেতাক মুকলি কৰি দিয়াৰ বাবে চৰকাৰক ব্যৱস্হা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে বড়ো সমস্যা সমাধানৰ স্বাৰ্থত সকলো গোটকে একেলগ হ’বলৈ আহ্বান জনায় বি অঞ্জালুৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।