মাণিকপুৰ উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

 10/03/2019 - 15:01

বঙাইগাঁওঃ সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীয়ে তৃতীয় দিনা কৰ্মবিৰতি পালন কৰে। মানিকপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীসকলে পুৱাৰে পৰাই কোনো কাম নকৰি কৰ্মবিৰতি পালন কৰে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি 'সম কামৰ সম অধিকাৰ'', দৰমহা বৃদ্ধি কৰা, চাকৰি নিয়মীয়া কৰন, HR Policy প্ৰযোজ্য কৰা আদি দাবীত কৰ্মবিৰতি পালন কৰে। যদি চৰকাৰে উক্ত দাবীসমূহ মানি নলয় তেন্তে অনাগত দিনত ঠিকাভিত্তিক কৰ্মচাৰীসকলে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি সকীয়াই দিয়ে। আনহাতে চৰকাৰে জেলত ভৰালেও শৰীৰত একবিন্দু তেজ থকালৈকে আন্দোলনৰ কাৰ্যসূচী চলাই যাব বুলি মন্তব্য কৰে।

আনহাতে তিনিদিন ধৰি বহুলোকে কাৰ্যালয়ত আহে যদিও কোনো লোকক নাপাই ঘৰমুৱা হবলগীয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।