বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত প্ৰতিবন্ধী চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত

 10/03/2019 - 15:35

বৰপেটাঃ বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা বিকলাংগ সন্থাৰ সহযোগত বৃহস্পতি বাৰে প্ৰতিবন্ধী চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়।

বিশেষ বিকলাংগ এম ই স্কুলত অনুষ্ঠিত এই শিবিৰত জিলাখনৰ প্ৰায় দুই সহস্ৰাধিক প্ৰতিবন্ধী লোক উপস্থিত থাকে। এই লোকসকলক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি প্ৰতিবন্ধীৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব।

জিলাখনত প্ৰায় ২৪ হাজাৰ প্ৰতিবন্ধী লোক আছে যদিও ইয়াৰে মাথো ১০ হাজাৰ মানকহে চিনাক্ত কৰা হৈছে। বাকীসকলকো চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থকা বুলি জিলা সমাজ কল্যাণ বিভাগে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।