বিলাসীপাৰা মহাবিদ্যালয়ত মহা স্বাস্থ্য মেল ও সজাগতা সভা

 10/03/2019 - 15:53

বিলাসীপাৰাঃ নামনি অসমৰ অতি পিছপৰা ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ মানৱ দৰদী সৎ নিষ্ঠাবান বিজেপি দলৰ বিধায়ক অশোক কুমাৰ সিংহীৰ পৌৰহতিত্বত ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ ৰানীগঞ্জ আৰু চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বৃহস্পতি বাৰে বিলাসীপাৰা মহাবিদ্যালয়ত এখন বিৰাট মহা স্বাস্থ্য মেল ও সজাগতা সভা অনুষ্ঠিত হয়।

মহা স্বাস্থ্য মেল ও সজাগতা সভাখন বৃহস্পতি বাৰে শুভ-উদ্বোধনী কৰে, ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অনন্ত লাল জ্ঞানী, বিধায়ক অশোক কুমাৰ সিংহী, বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ বিলাসীপাৰা ৰাজহ-চক্র বিষয়া ছাৰ্ফ্ৰাচ হক, লগতে কলিকতাৰ পৰা অহা ডঃ অঞ্জুলা বিনায়াকা, ডঃ সিদ্ধাৰ্থ প্ৰিন্স, ডঃ এচ এম ইমদুল্লা আদিকে ধৰি বিভিন্ন গন্য মান্য ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানটোত প্ৰায় পাঁচ হাজাৰৰ অধিক লোক সমাগম হোৱা বুলি জানিব পৰা যায়।।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।