ৰহাত সম্পূৰ্ণ হৈ উঠিছে মা কামাখ্যা মন্দিৰৰ নিৰ্মাণকাৰ্য

 10/03/2019 - 16:15

ৰহাঃ ৰহাত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মা কামাখ্যা মন্দিৰৰ নিৰ্মাণকাৰ্য। বতৰে বিধি পথালি দিলেও যুদ্ধংদেহী তৎপৰতাৰে নিৰ্মাণকাৰী শিল্পীসকলে চলাইছে কামাখ্যা মন্দিৰৰ নিৰ্মাণকাৰ্য। কিয়নো দুৰ্গাপূজালৈ মাজত মাথোঁ এটা দিন বাকী। প্ৰতি বছৰে দুৰ্গাপূজাৰ অভিনৱ মণ্ডপ নিৰ্মাণ কৰি চমক দিবলৈ চেষ্টা কৰা জ্যোতিসংঘই এইবাৰ মা কামাখ্যা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে পূজামণ্ডপ।

এই মণ্ডপ নিৰ্মাণ কৰিবলৈ জ্যোতিসংঘই শিল্পী আনিছে কোচবিহাৰৰ পৰা। কেইবাজনো শিল্পীয়ে দিনে নিশাই নিৰ্মাণকাৰ্য চলাই ইতিমধ্যে প্ৰায় ৯০শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে মা কামাখ্যা মন্দিৰৰ। অতি আকৰ্ষণীয়াকৈ নিৰ্মাণ কৰা পূজামণ্ডপটো চাবলৈ এতিয়াৰ পৰাই দৰ্শকৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে। ইপিনে জ্যোতিসংঘৰ এই পূজাত থাকিব এখন শিশু উদ্যানো। য'ত পূজাৰ লগতে দৰ্শকে লাভ কৰিব পাৰিব মনোৰঞ্জন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।