খাৰুপেটীয়াত বাৰোৱাৰী দুৰ্গাপূজাৰ স্থায়ী মণ্ডপ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 10/03/2019 - 16:45

খাৰুপেটীয়াঃ খাৰুপেটীয়া বাৰোৱাৰী দুৰ্গাপূজাৰ স্থায়ীমণ্ডপ বৃহস্পতিবাৰে উদ্বোধন কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে উপস্থিত থাকিল মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যোতি দাস আৰু চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া। সভাত প্ৰায় ৩৫ মিনিটৰ ভাষণত বেছিভাগ সময়ে হিন্দুৰ একতাৰ ওপৰতে ভাষণ দিলে মন্ত্ৰীগৰাকীয়ে। ক’লে ধৰ্ম ৰক্ষাৰ কাৰণে মাটি ৰক্ষাৰ কাৰণে হিন্দু লোকসকল এক হব লাগিব।

দলগাঁও বিধানসভা সমষ্টিৰ জনসংখ্যা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় অসম চৰকাৰ হল অৰ্জুন আৰু প্ৰধানমন্ত্ৰী মোডী শ্ৰীকৃষ্ণ। আমি কৌৰৱৰ বিশাল জনসংখ্যাক ভয় খাব নালাগে। লগতে কলে অসমীয়া হিন্দু, বঙালী হিন্দু, গুজৰাটী হিন্দু, বিহাৰী হিন্দু কৈ কৈ নিজৰ মাজত ভাগ কৰিব নালাগে।

আমাৰ ইতিহাস চাঁওক আমি যেতিয়াই নিজৰ মাজত কাজিয়া কৰিছো তেতিয়াই শত্ৰুৰ আক্ৰমণ বাঢ়িছে। খাৰুপেটীয়া আৰু দৰঙৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কলে সাংসদ দিলীপ শইকীয়া শচীন তেণ্ডুলকাৰৰ দৰে ছেনচুৰি মাৰিবই আৰু আপোনাৰ যিমান সমস্যা আছে এমপি দিলীপ শইকীয়াই সমাধান কৰিবই। এই উপলক্ষে নগৰৰ সহস্ৰাধিক মহিলা, পুৰুষে মন্ত্ৰী হিমন্তৰ লগতে সাংসদ বিধায়কক ধৰ্মীয় বিধি বিধানেৰে আদৰণি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।