বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

 10/03/2019 - 17:02

গুৱাহাটী: উত্তৰ প্ৰদেশৰ মেহতাত অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যাভাৰতীৰ অন্তৰ্গত বিদ্যালয়বোৰৰ মাজত ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ চলি আছে। এই কথা শিশু শিক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। প্ৰয়াগৰাজৰ মেহতা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৩২তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা (যোগাসন, ভলীবল আৰু জিমনাষ্টিক) ২০১৯ ৰ উদ্বোধনী অনুষ্ঠান বৰ উলহ মালহেৰে হৈ যায়।

উদঘাটন অনুষ্ঠানত মঞ্চত উপস্থিত আছিল প্ৰয়াগৰাজৰ লোকসভা সমষ্টিৰ সাংসদ কেশৰী দেৱী পাটিল, পূৰ্বী উত্তৰ প্ৰদেশৰ ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী তথা ৰাষ্ট্ৰীয় খেল পৰিষদৰ পালক হেমচন্দ্ৰজী, জ্বালাদেৱী সৰস্বতী বিদ্যামন্দিৰ ইন্টাৰ কলেজৰ অধ্যক্ষ শৰৎ গুপ্তা। প্ৰতিযোগিতা উদ্বোধন কৰে কেশৰী দেৱী পাটিলে, প্ৰস্তাৱিত ভাষণ প্ৰদান কৰে হেমচন্দ্ৰ জীয়ে আৰু বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় মন্ত্ৰী শিৱ কুমাৰ জীয়ে।

প্ৰতিযোগিতাত পূৰ্বোত্তৰ ক্ষেত্ৰৰ হৈ অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰে ১৪ বছৰ অনুৰ্দ্ধৰ আৰু ১৭ বছৰ উৰ্ধৰ দলীয় শাখাত মুঠ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু আৰ্টিষ্টিক আৰু ৰিডমিক শাখাত মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।