নগাঁৱত উদ্ভৱ ভৰালীক দ্ৰোণাচাৰ্য বঁটা প্ৰদান

 10/03/2019 - 18:23

নগাঁওঃ অসম তথা ভাৰতৰ গৌৰৱ, বিভিন্ন যন্ত্ৰৰ উদ্ভাৱক তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত উদ্ভৱ ভৰালীক বৃহস্পতিবাৰে নগাঁৱত প্ৰদান কৰা হয় দ্ৰোণাচাৰ্য মহাবিদ্যালয় বঁটা। নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদ্ভৱ ভৰালীক এই বঁটা প্ৰদান কৰা হয়।

মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ এই বঁটা প্ৰদান কৰে অধ্যক্ষ ভীষ্ম দূৰ্লভ মহন্তই। বঁটা গ্ৰহণ কৰি ১৫৭ টা যন্ত্ৰৰ উদ্ভাৱকগৰাকীয়ে সফলতাৰ কোনো চমু পথ নাই বুলি উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।