শংকৰদেৱ শিশু নিকেতনত প্ৰাক দুৰ্গোৎসৱ পালন

 10/03/2019 - 19:24

উত্তৰ গুৱাহাটীঃ বৃহস্পতিবাৰে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ ছাত্র-ছাত্ৰী আৰু আচাৰ্য্য-আচাৰ্য্যা সকলে নিকেতনৰ প্ৰাক্  দুৰ্গোৎসৱ পালন কৰে। দু্‌ৰ্গা বন্দনাৰে আৰম্ভ হোৱা এই উৎসৱৰ সঞ্চালন কৰে নিকেতনৰ আচাৰ্যা দীপান্বিতা চৌধুৰীয়ে। ছাত্র-ছাত্ৰী সকলে দু্‌ৰ্গা নৃত্য, আৰতি,দু্‌ৰ্গাবন্দনা আদি বিভিন্ন অনুষ্ঠানেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। উৎসৱত উত্তৰ গুৱাহাটীৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু বড়োই উপস্থিত থাকি শাৰদীয়  দুৰ্গোৎসৱ শুভকামনা জনোৱাৰ লগতে উঠি অহা নৱপ্ৰজন্ম তথা ছাত্র-ছাত্ৰীসকলৰ মঙ্গলৰ বাবে বক্তব্য দিয়ে। অনুষ্ঠানৰ স্হানীয় সমাজকৰ্মী নিকেতনৰ অভিভাৱক শৈলেন দাসক সম্বৰ্দ্ধনা জনোৱা হয়। দু্‌ৰ্গা পূজাৰ পদ্ধতি, দু্‌ৰ্গা পূজাৰ প্ৰতিটো তিথিৰ পূজা সন্দৰ্ভত আৰু দু্‌ৰ্গা বন্দনাৰ বিষয়ে সুন্দৰ ভাৱে আলোকপাত কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী। সভা সঞ্চালনা কৰে প্ৰধান আচাৰ্য্য উৎপল তালুকদাৰ দেৱে শলাগৰ শৰাই আগবঢ়ায় প্ৰধান আচাৰ্য্য জগদীশ শৰ্মাই। প্ৰায় ডেৰ ঘণ্টা জুৰি চলা আধ্যাত্মিক অনুষ্ঠানটো দুৰ্গা দেৱীৰ আবাহনৰে শংখ, ঘণ্টা, ডবা, উৰুলি ধ্বনিৰ মাজেৰে দেৱী আৰতিও কৰা হয়। শেষত কল্যাণ মন্ত্ৰৰে প্ৰাক্  দুৰ্গোৎসৱ সম্পন্ন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।