ভেল্লাৰ ফুটবলত ছেমি ফাইনেলত প্ৰৱেশ গুৱাহাটী মেট্ৰৰ

 10/03/2019 - 20:09

বৰপেটাঃ বৰপেটাৰ ভেল্লাত চলি থকা অসম ভিত্তিত প্ৰাইজমানী ফুটবলত টুৰ্ণামেন্টত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলত গুৱাহাটী মেট্ৰ এফ চি ছেমি ফাইনেলত প্ৰৱেশ কৰে। বৃহস্পতিবাৰে গুৱাহাটী মেট্ৰ এফ চি আৰু কোকৰাঝাৰ সপ্তম এ পি বি এনৰ মাজত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত ৩-০ গ'লৰ ব্যৱধানত কোকৰাঝাৰ সপ্তম এ পি বি এনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে গুৱাহাটী মেট্ৰ এফ চিয়ে।

খেল আৰম্ভ হোৱাৰ ক্ৰমে ১৫ আৰু ৪৮ মিনিটত গুৱাহাটী মেট্ৰৰ হৈ নাইজেৰিয়ান খেলুৱৈ বুৱেলাই দুটা গ'ল দিয়ে আৰু আনটো গ'ল দিয়ে কানিয়ে। খেলখন পৰিচালনা কৰে হাচমত আলী, বিজন নাথ, হাবিবুল্লাহ ফিদ্দুছ আৰু ছফিকুল হক (দীপ)। বৃহস্পতিবাৰৰ খেলখনত মেন অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰে গুৱাহাটী মেট্ৰ এফ চিৰ ৰক্ষণ বিভাগৰ খেলুৱৈ পল্লৱে।

কাইলৈ অনুষ্ঠিত হবলগীয়া দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল খেলখনত গোহাঁইগাঁও গ্লবেল একাডেমী আৰু দলৈতলা নয়ন জ্যোতি ক্লাৱৰ মাজত অনুষ্ঠিত হ’ব বুলি খেল পৰিচালনা সমিতিৰ সভাপতি মৌচম নাজিম আৰু সম্পাদক নেকিবুৰ ৰহমানে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।