লিডু কেন্দ্ৰীয় নামঘৰত শংকৰদেৱৰ জন্মোৎসৱৰ প্ৰস্তুতি

 10/03/2019 - 20:27

মাৰ্ঘেৰিটাঃ আগন্তুক দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলিছে দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো। আনফালে সমসাময়িক সময়ত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্মোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডুৰ আটাইতকৈ পুৰণি লিডু কেন্দ্ৰীয় নামঘৰত জন্মোৎসৱটি ৮ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

ইতিমধ্যে লোকনাথ কোৱঁৰক সভাপতি ডম্বৰুধৰ নেওগক কাৰ্যকৰী সভাপতি, ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে জন্মোৎসৱ ভাগি সুচাৰুৰূপে উদযাপনৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৪ বজাৰ পৰা ঊষা কীৰ্তন, পতাকা উত্তোলন, বন্তুি প্ৰজ্বলন, ভাগৱত ভ্ৰমণৰ পাছতে নাম প্ৰসংগ অনুষ্ঠিত হ'ব।

দ্বিতীয় দিনা পুৱাৰ পৰা আই, যুৱ আৰু শিশুসকলৰ নাম আৰু বিয়লি ২ বজাৰ পৰা নগদ ধনৰ বটাৰে বৰগীত, দিহা নাম( মহিলা/ শিশুসকলৰ) প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অন্তিমদিনা নামপ্ৰসংগ আৰু সন্ধিয়া পংকজ শইকীয়াৰ পৰিচালনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্মোৎসৱ উপলক্ষে প্ৰদৰ্শিত হব বৰাহৰ পৃথিবী উদ্ধাৰ শীৰ্ষক ভাওনা। এই ভাওনাত অসমীয়া লোকৰ বাহিৰেও ভাওনাত অভিনয় কৰিব ভোজপোৰী, বাংলাভাষী, কেইবাগৰাকী শিল্পীয়েও।

আনহাতে নাটখনৰ তিনিটা মূল চৰিত্ৰ হিৰণ্যকশিপুৰ কাশ্যপ মুনি আৰু জয়ৰ চৰিত্ৰত ক্ৰমে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক তপন দে আৰু যুৱ সাংবাদিক উজ্বল চৌধুৰীয়ে অভিনয় কৰিব। উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।