বঢ়মপুৰত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন

 10/03/2019 - 21:44

নগাঁওঃ বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি বঢ়মপুৰতো পালন কৰা হৈছে বিশেষ কাৰ্যসূচী। নগাঁও বন সংমণ্ডলৰ অধীনত বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত বৃহস্পতিবাৰে ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰে। বন্যপ্ৰাণী সপ্তাহৰ অনুষ্ঠানত এক সজাগতা সভাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত বন্যপ্ৰাণীক বিষয় হিচাপে লৈ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। "হাতী-মানুহৰ সংঘাত" আৰু "বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণ" বিষয়ক ৰচনা প্ৰতিযোগিতাত প্রায় শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সজাগতা সভাত উপস্থিত থকা নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে উপস্থিত থকা ছাত্ৰীসকলক বন্যপ্ৰাণীৰ ওপৰত ভাষণ প্ৰদান কৰে।

ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰীসকলক কিতাপৰে  পুৰস্কৃত কৰা হয়। উক্ত সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক যোগব্ৰত হাজৰিকা, নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, খণ্ড বন বিষয়া প্ৰভাত বৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।