মৈৰাবাৰীত এ আই ইউ ডি এফ দলৰ পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 10/04/2019 - 12:50

লাহৰীঘাটঃ ধিঙ সমষ্টিৰ মৈৰাবাৰীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এ আই ইউ ডি এফ দলৰ কৰ্মীসকলে উদযাপন কৰে দলটোৰ পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস। ২০০৫ চনত অসমৰ ৰাজনৈতিক জগতত ভুমুকি মাৰিছিল মৌলানা বদৰ উদ্দিন আজমলৰ নেতৃত্বত ইউ ডি এফ নামৰ এটি ৰাজনৈতিক দলে।

দেশৰ বিভিন্ন নিৰ্বাচনত জয়-পৰাজয়ৰ মাজেৰে দলটোৱে অতিক্ৰম কৰে ১৫টাকৈ বছৰ। বৃহষ্পতিবাৰে ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙ সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীতো ধিঙ সমষ্টি কমিটিৰ উদ্যোগত দলীয় কাৰ্যালয়ৰ সন্মুখত দলটোৰ নেতা-কৰ্মীসকলে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। দলীয় কাৰ্যালয়ৰ সন্মুখত দলটোৰ পতাকা উত্তোলন কৰি নেতা-কৰ্মী সকলে পদ-যাত্ৰা কৰি মৈৰাবাৰী চিকিৎসালয়ত উপস্থিত হৈ ৰোগীৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে বৃদ্ধাশ্ৰমতো ফলমূল বিতৰণ কৰাৰ উপৰিও বৃক্ষৰোপন কৰে।

আগন্তুক দিনত যাতে দলটোৰ ভেটি আৰু অধিক শক্তিশালী হয় তাৰ বাবে দলীয় নেতা-কৰ্মী সকলে সাংগঠনিক দিশত বিভিন্ন আলোচনা কৰে। উল্লেখ্য ধিঙ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কাৰ্যসূচীটোত উপস্থিত থাকিব নোৱাৰাৰ বাবে ফেচবুক যোগে দুখ প্ৰকাশ কৰি দলীয় নেতা-কৰ্মীসকল দলটোৰ প্ৰতি থকা ভালপোৱা আৰু ত্যাগৰ ভূয়সী প্ৰসংশা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।