গোলাঘাটৰ সুৰাপায়ী সকলৰ বাবে এটা বেয়া খবৰ

 10/04/2019 - 13:08

গোলাঘাটঃ মহাষষ্ঠীৰ দিনা ৰাজ্যৰ চৌদিশে উখল মাখল পৰিবেশ। ব্যতিক্ৰম নহয় গোলাঘাটততো। গোলাঘাটৰ প্ৰতিটো পূজামণ্ডপ আটক ধুনীয়াকৈ সজাই পৰাই লোৱাৰ লগতে সমগ্ৰ গোলাঘাটত নগৰখনকে এক নতুন ৰূপত সজাই তুলা হৈছে। কিন্ত গোলাঘাটত সুৰাপায়ী সকলৰ বাবে এটা বেয়া খবৰ আছে। সুৰাপান কৰি আহি পূজালৈ আপুনি আহিব নোৱাৰিব।

কাৰণ নতুন যান-বাহন আইনৰ আধীনত গোলাঘাটৰ আৰক্ষী প্ৰশাসন, পৰিবহন বিভাগ আৰু এনফৰ্চমেন্ট বিভাগ প্ৰতিটো মুহূৰ্তে সষ্টম হৈ আছে। সুৰাপান কৰি যান-বাহন চলালেই জৰিমনা ভৰাৰ লগতে আদালতলৈও যাব পাৰে আপোনাৰ বিচাৰ প্ৰক্ৰিয়া। এটা বিশেষ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰা হ’ব। সুৰাপায়ী সকলক বিশেষ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰা হৈছে।দেহত সুৰাৰ অধিক পৰিমাণৰ পোৱা লোকসকলক তেওঁলোকৰ নাম ঠিকনা লিখি আদালতলৈ প্ৰেৰণ কৰিব বুলি জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।