আই নদীৰ ওপৰত ৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন ভালুকৰ সাঙীত পৰিণত

 10/04/2019 - 13:36

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আই নদীৰ ওপৰত ৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন ভালুকৰ সাঙীত পৰিণত হৈছে। দলংখন সম্পূৰ্ণ হোৱাৰ পিছত কোনোলোক পাৰপাৰ হ’ব নোৱাৰৰ ফলত পুণৰ কাম আৰম্ভ কৰাৰ বাবে আই নদীৰ পাৰত স্থানীয় বিধায়ক আব্দুল হাই নাগৰী, জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম, কেইবা গৰাকী পঞ্চায়ত প্ৰতিনিধি উপস্থিত হোৱাত সমবেত হয় শ শ ৰাইজ, কিন্ত ৰাইজৰ মাজত উত্তেজনা, একাধিক প্ৰশ্ন কৰি বিভ্ৰান্ত কৰি তুলিছে বিধায়ক আব্দুল হাই নাগৰীক।

বিধায়কজনে আথে-বেথে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে। নাই নামানে, এজনে মানে, বহুতে নামানে, বিধায়ক আব্দুল হাই নাগৰীয়ে উপায়ন্তৰ হৈ ৰাইজক দিলে ব্ৰহ্মপ্ৰতিশ্ৰুতি আপোনালোকে মাটি এৰি দিয়াৰ লগতে সহায় সহযোগিতা কৰাৰ পিছত মই যদি আই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিব নোৱাৰো নকৰো, তেন্তে ঘৰৰ পৰা মোক মাতি আনি কোৱাই কোৱাই হত্যা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

ৰাইজ নিস্তব্ধ হৈ পৰে। মানি লয় বিধায়কজনৰ সকলো কথা, মাটিৰ গৰাকীয়ে এৰি দিয়ে মাটি। ২০১৩ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত দলংখন সম্পূৰ্ণ হয় যদিও নদীৰ পূব পাৰে গৰাখহনীয়া আৰম্ভ হোৱাত নৈখনৰ পানী দলংৰ পূৱফালে ববলৈ ধৰে। উপায়হীন হৈ শশ লোকে নিতৌ টুলুঙা নাওৰে পাৰাপাৰ হবলগীয়া হয়। স্হানীয় বিধায়ক আব্দুল হাই নাগৰী আৰু ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ চেষ্টাত পুনৰ পূৱফালে দলং বৃদ্ধি কৰিবলৈ ধন আৱন্টন হয় যদিও মাটিৰ গৰাকীয়ে মাটি এৰি নিদিয়ে। ফলত স্হানীয় বিধায়ক আব্দুল হাই নাগৰীৰ প্ৰতিশ্ৰুতিৰ বন্যাত মাটি এৰি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।