সাৰ্বজনীন দুৰ্গা পূজা উপলক্ষে জোনাকী এছ’চিয়েশ্যনৰ বিশেষ পদক্ষেপ

 10/04/2019 - 13:40

বিলাসীপাৰাঃ  ধুবুৰী জিলাৰ জোনাকী এছ’চিয়েশ্যনৰ সভাপতি, মোস্তাফিজুৰ ৰহমানৰ লগতে সম্পাদক পৱন মিশ্ৰ আৰু খুৰ্শিদ আলমৰ উদ্যোগত বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতি বাৰে সাৰ্বজনীন দুৰ্গা পূজা উপলক্ষে য়াৰ মনৰ দুখ কষ্ট মোহিত কৰাৰ ফলত মনৰ আনন্দ-উল্লাসৰ বাবে বস্ত্র বিতৰণী সভা অনুষ্ঠিত কৰে। সভাখনত জোনাকী এছ’চিয়েশ্যনৰ শাড়ী, ধুতি আদিকে ধৰি প্ৰায় দুইশ পিচ বিতৰণ কৰে। উল্লেখযোগ্য যে উক্ত সভা খনত ভাষণ প্ৰদান কৰে সমাজকৰ্মী তথা ডঃ কানুলাল দাস, জেষ্ঠ সাংবাদিক আলতাপ হুছাইন, বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জু দেৱী, বিলাসীপাৰা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ অধ্যাপক সুনীল কুমাৰ শৰ্মা, শংকৰদেৱ শিশু নিকেতনৰ অধ্যাপক সিবাজী কৰ্মকাৰ, লগতে শিক্ষক প্ৰশনজিৎ বিশ্বাস। সভা খনত প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।