যোৰাবাট আৰক্ষীয়ে জব্দ কৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক

 10/04/2019 - 13:58

যোৰাবাটঃ যোৰাবাটত নিশা জব্দ কৰে দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক। যোৰাবাট আৰক্ষীৰ তৎপৰতাত ধৰা পৰে ট্ৰাক দুখন। জানিবপৰা মতে মেঘালয়ৰ পৰা বেলতলালৈ গৈ আছিল চালান বিহীন ট্ৰাক দুখন। যোৰাবাট আৰক্ষীয়ে কয়লা ভৰ্তি ট্ৰাকসহ চাৰিজন চালক আৰু হেণ্ডিমেনক আটক কৰে।

অবৈধ কয়লা ভৰ্তি ট্ৰাক দুখনৰ কোনো নথি-পত্ৰ নথকাকৈ কোনে কেনেকৈ অসমত প্ৰৱেশ কৰালে সেই সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ২২টন কৈ কয়লা কঢ়িয়াই আনিছিল ট্ৰাক দুখনে। বৰ্ণিহাটৰ ৰাজু নামৰ এজন মাফিয়াই নিশাৰ সুযোগত বেলতলাৰ ৪০লাখ মূল্যৰ কয়লা ডিপুলৈ পাৰ কৰাইছিল। আৰক্ষীয়ে আটক কৰিব পাৰিবনে ৰাজু মাফিয়াক? নে অন্যদিশে গতি কৰিব তদন্ত ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।