গোৱালপাৰাৰ পুদুপাৰা বৰটাৰী গাঁওত মৃতদেহ  উদ্ধাৰ

 10/04/2019 - 14:07

নগৰবেৰাঃ গোৱালপাৰা জিলাৰ ধুপধৰা আৰক্ষী থানাৰ অন্তৰ্গত পুদুপাৰা বৰটাৰী গাঁওৰ হাছমত আলীৰ মৃতদেহ  উদ্ধাৰ কৰা হয়৷ যোৱা ২ অক্টোবৰত লোকজনে গৰুৰ ঘাহ কাটিবলৈ দেওশিলা নদী পাৰ হওঁতে নিখোজ হৈ আছিল৷ নিখোজ লোকজনক স্থানীয় লোকৰ লগতে SDRF বাহিনীৰ দলে চলাইছিল উদ্ধাৰ অভিযান৷ কিন্ত লোকজনৰ কোনো সন্ধান পোৱা নাছিল।

শুকুৰবাৰে পুৱা এজন মাছমৰীয়া লোকে দেওশিলা নদীত মৃতদেহ দেখি খৱৰ দিয়ে আৰক্ষীক৷ আৰক্ষীয়ে ঘটনাস্থলীত গৈ মৃতদেহটো উদ্ধাৰ কৰে৷ পিছত আৰক্ষীয়ে মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।