পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি

 10/04/2019 - 14:18

জুৰীয়াঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চাৰিদিন ধৰি জুৰীয়া ব্লকৰ অন্তৰ্গত গাওঁ পঞ্চায়তত নিয়োজিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে পালন কৰিছে কৰ্মবিৰতি। ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীৰ লেখিয়াকৈ বিভিন্ন পদত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ সম-হাৰত দৰমহা আৰু চাকৰি নিয়মীয়া কৰাৰ দাবীত পাঁচদিনীয়া কৰ্মবিৰতিত উন্নয়ন খণ্ড আৰু পঞ্চায়ত সমূহত কামকাজ স্থবিৰ হৈ পৰিছে।

যোৱা ১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এই কৰ্মবিৰতি| উল্লেখ্য যে AE ৰ দৰমহা ১৯,৬২০ টকা, GRS, একাউন্ট এচিছটেন্ট আৰু কম্পিউটাৰ এচিছটেন্টৰ দৰমহা ৯২৪০ টকাৰ বিপৰীতে গাঁও পঞ্চায়তসহ মন্বয়কৰ দৰমহা ১০৩০০ টকা। কৰ্মবিৰতি পালন কৰা কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে বিগত বাৰটা বছৰে নূন্যতম দৰমহালৈ নিয়মীয়া কৰ্মচাৰীৰ সমানে সমানে সেৱা আগবঢ়াই আছে যদিও বৰ্ধিত সামগ্ৰীৰ মূল্যই তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সৃষ্টি হৈছে। ৰাজ্যৰ চৰকাৰে অতি সোনকালে বিষয়টো গুৰুত্ব নিদিলে কৰ্মবিৰতি অনিৰ্দিষ্ট কাললৈ চলিব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।