ধেমাজিত ৪৫ বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ

 10/04/2019 - 14:31

গোগামুখঃ ধেমাজিৰ বৰদলনীত ৪৫ বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ বৰদলনী বকুলবাৰীত এই ঘটনা সংঘটিত হৈছে। বকুলবাৰী গাৱঁৰ নিৱাসী নৰেশ্বৰ গগৈৰ পত্নী লাৱন্য গগৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে।

ঘটনাৰ বিৱৰণ অনুসৰি ২৭ তাৰিখৰ দিনা শুকুৰবাৰে পুৱা ৯বজাত ধেমাজি মেডিকেললৈ বুলি ওলাই যায় কিন্তু ঘৰলৈ পুনৰ ঘুৰি নহাত ম'বাইলৰ সৈতে যোগাযোগ কৰে যদিও কোনো সন্দেহযুক্ত লোকে ম'বাইল ৰিচিভ কৰি নানা ধৰনৰ বাৰ্তালাপ কৰে, পিছত সংযোগ বিচ্ছিন্ন হয়। ঘটনাৰ সন্দৰ্ভত বৰদলনি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষী প্ৰশাসনৰ পৰা কোনো সহাৰি নোপোৱাত পৰিয়ালৰলোকে এতিয়া সংবাদ মাধ্যমৰ কাষ ছাপে। পৰিয়ালৰ লোকৰ কাঁতৰ আহ্বান কোনো লোকে এই মহিলা গৰাকীৰ সন্ধান পালে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।