সৰুপেটা বজাৰত স্বচ্ছ গাঁও অভিযানৰ শুভাৰম্ভ

 10/04/2019 - 14:58

বৰপেটাঃ সৰুপেটা ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ৰ এন চি চি আৰু এন এছ এছ গোটৰ উদ্যোগত স্বচ্ছতাই সেৱা অনুষ্ঠান অনুষ্ঠিত হয়। এই কাৰ্যসূচীত সহযোগ কৰে সৰুপেটা হিন্দু জাগৰণ যুৱ মঞ্চ, সৰুপেটা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, সৰুপেটা গাওঁ পঞ্চায়ত আৰু সৰুপেটা বজাৰ পৰিচালনা সমিতিয়ে। বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ সৌজন্যত আয়োজিত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বন আৰু পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে।

এই অভিযানৰ জৰিয়তে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জনৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষৰে সৰুপেটা বজাৰ অঞ্চলৰ লগতে ৰে’ল ষ্টেচন, পূজাথলী সকলোবোৰ ঠাইৰ পৰা পেলনীয়া প্লাষ্টিক আঁতৰাই পেলোৱা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগ, সৰুপেটা গাঁও পঞ্চায়ত আৰু বজাৰ পৰিচালনা সমিতিৰ উমৈহতীয়া প্ৰচেষ্টাত সৰুপেটা অঞ্চলৰ পৰা পেলনীয়া প্লাষ্টিকবোৰ নিষ্কাশনৰ ব্যৱস্থাৰ ওপৰতো আলোচনা কৰা হয়।

শুকুৰবাৰৰ এই কাৰ্যসূচীক আৰম্ভণি হিচাপে লৈ ভৱিষ্যতলৈ ইয়াৰ সম্প্ৰসাৰণ কৰি গোটেই পঞ্চায়তখনকে স্বচ্ছ আৰু সেউজ তথা প্লাষ্টিক মুক্ত পঞ্চায়ত হিচাপে গঢ়ি তুলিবলৈ আটাইয়ে মিলি সিদ্ধান্ত গ্ৰহণ কৰে।

কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে বি,এইচ,বি মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰিঞ্চি কুমাৰ দাস, বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া, ৰাতুল দাস, সৰুপেটা গাঁও পঞ্চায়তৰ সভানেত্রী গীতা ভৰালী, বজাৰ পৰিচালনা সমিতিৰ সভাপতি কিশোৰ চৌধুৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা, জয়নাল আবদিন, শাখা বিষয়া বাবুল ডেকা, স্বচ্ছ ভাৰত অভিযানৰ জিলা সমন্বয়ক প্ৰাঞ্জল ডেকা, খণ্ড সমন্বয়ক হিমাংশু কাকতীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।