বটদ্ৰৱাৰ চকলাঘাট গৌৰীনাথ শিৱ মন্দিৰত ব্যতিক্ৰমী দুৰ্গাপূজা

 10/04/2019 - 15:14

বটদ্ৰৱাঃ বটদ্ৰৱাৰ চকলাঘাট গৌৰীনাথ শিৱ মন্দিৰত ব্যতিক্ৰমী দুৰ্গাপূজা, জাক-জমকতাৰ বিপৰীতে সোনাই নৈৰ পাৰত খেৰ-বাহ আদি সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে নিৰ্মাণ কৰিলে পূজাৰ মণ্ডপ। আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যতে জাক-জমকতাৰ পৰিবেশ। তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্যৰে বটদ্ৰৱাৰ সোনাই নৈ পাৰৰ গৌৰীনাথ মন্দিৰত আৰম্ভ হল দুৰ্গাপূজা।

ঐতিহ্যমণ্ডিত সোনাই নৈৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত খেৰ-কাঠ, বাহ আদি সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে নিৰ্মাণ কৰি মণ্ডপ প্ৰস্তুত কৰি দুৰ্গাপূজাৰ আয়োজন কৰিছে সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে। শুক্ৰবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় দুৰ্গাপূজা। পুৱা পতাকা উত্তোলন কৰে দুৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি দেহিৰাম বৰা, বন্তি প্ৰজ্বলন কৰে মলো শইকীয়া, পুস্পাঞ্জলি প্ৰদান কৰে পিংকু শইকীয়াই।

উল্লেখ্যযে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক্ৰমে সমগ্ৰ দেশতে হোৱা প্লাষ্টিক বৰ্জনৰ প্ৰতি সহাঁৰি জনাই সোনাই পাৰ গৌৰীনাথ শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ প্লাষ্টিক মুক্তভাবে দুৰ্গাপূজাৰ আয়োজন কৰি ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছে। পাঁচ দিনীয়াকৈ অনুষ্ঠিত দুৰ্গাপূজাত নাম-প্ৰসংগ, পূূৰ্ণাহু, আৰতি, চণ্ডীপাঠ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিতহৈ আঠ অক্টোবৰত বিজয়া দশমীৰ নিশা সামৰণি পৰিব এই দুৰ্গাপূজাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।