সোনাপুৰ জিলা চিকিৎসালয়ত ৰোগীক দুৰ্ব্যৱহাৰ

 10/04/2019 - 16:25

সোনাপুৰঃ ৰাজ্যৰ চৌদিশে এতিয়া মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়ে শিক্ষা আৰু স্বাস্থ্যৰ উন্নয়নৰ ঢোল পিটি ফুৰাৰ সময়তেই সোনাপুৰ জিলা চিকিৎসালয়ত ঘটিল এই ঘটনা৷

অধ্যক্ষ উলুপি ফুকনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহন কৰি সোনাপুৰ জিলা চিকিৎসালয়ত প্ৰায়েই এনেবোৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ নতুন নহয়৷ যি চিকিৎসকে আমাক জ্ঞানবানী পঢ়ায়, ৰোগীক নহয় ৰোগক ঘীন কৰিবা৷

আজি সেই চিকিৎসকেই এগৰাকী চকু চিকিৎসা কৰিবলৈ অহা ৰোগীক কৰ্কট ৰোগীৰ সন্দেহত তেওৰ ওচৰলৈ অহাত বাধা প্ৰদান কৰাৰ লগতে প্ৰেচকিপচন পৰ্যন্ত দলিয়াই দিয়াৰ লগতে, ৰোগীক বাহিৰলৈ উলিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উথাপন হয়৷

এই সংক্ৰান্তত অভিযুক্ত জ্যেতিষী দেৱীৰ মন্তব্য বিচৰা হৈছিল যদিও তেওঁ পলায়ন কৰা দেখা যায়৷ ৰোগীগৰাকীয়ে অধ্যক্ষৰ ওচৰত অভিযোগ নামা দাখিল কৰিছে যদিও পিছলৈ তেও কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষনীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।