উত্তৰ গুৱাহাটীত দুৰ্লভ প্ৰজাতি বৰকাছ উদ্ধাৰ

 10/04/2019 - 16:42

উত্তৰ গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা উত্তৰ গুৱাহাটী আৰক্ষীৰ তহলদাৰী দলে শিলসাকোঁত এটি দুৰ্লভ প্ৰজাতি এটি বৰকাছ উদ্ধাৰ কৰে।

কাছটো কাষৰ পিতনিৰ পৰা উঠি অহা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পাছতে আৰক্ষী তহলদাৰী দলটোৱে কাছটো সংযত নে নিশা থানা পৰিসৰতে ৰাখে।

পূৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু বড়োৱে আমিনগাঁওৰ শৰাইঘাট সৰোবৰত কাছটো এৰি দিয়ে। উত্তৰ গুৱাহাটী আমিনগাঁও অঞ্চলত দ্ৰুত গতিত বনাঞ্চল আৰু জলাশয়সমূহ সংকুচিত হৈ অহাত বন্য জীৱ জন্তুৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। আৰক্ষী বিষয়া মিন্টু বড়োই লোৱা উদ্যোগ স্হানীয় ৰাইজে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।