পলাশবাৰীত স্হাপিত বস্ত্ৰ উৎপাদন কেন্দ্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

 10/04/2019 - 17:03

উত্তৰ গুৱাহাটীঃ যুৱ বিকাশ কেন্দ্ৰৰ পলাশবাৰীস্হিত এটা বস্ত্ৰ উৎপাদন কেন্দ্ৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হয়। আমিনগাঁওৰ যুৱ বিকাশ কেন্দ্ৰৰ উদ্যোগত যোৱা এবছৰৰ পৰা চলি থকা বস্ত্ৰ উৎপাদন কেন্দ্ৰটোত কাৰিকৰী কৌশল বিকাশ কৰাৰ লগতে সংস্হাপনৰ দ্বাৰা স্ব-নিৰ্ভৰশীলতা আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ প্ৰচেষ্টা চলাই আছে।

মুখ্যমন্ত্ৰীৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰি বোৰিকৰ পৰিদৰ্শন কৰে আৰু কেন্দ্ৰৰ এনে প্ৰচেষ্টাক ভূূয়সী প্ৰশংসা কৰে। এই উৎপাদন কেন্দ্ৰটো পলাশবাৰী চেঞ্চুৰী প্লাইবোৰ্ডৰ অৰ্থসাহাৰ্য আৰু স্হানীয় পৌৰনিগমৰ সহযোগত সুন্দৰভাৱে চলোৱাৰ লগতে মুঠ দহগৰাকী কৰ্মচাৰীৰ জীৱিকা চলি থকা বুলি কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ৰবিন্দ্ৰহন্মেট্টকৰে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটো পৰিদৰ্শনৰ বাবে যুৱ বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ইয়াৰ উন্নতিৰ বাবে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।