সৰ্থেবাৰীৰ ভক্তৰডবাত সংঘটিত ভয়ানক অগ্নিকাণ্ড

 10/04/2019 - 17:12

পূব বৰপেটাঃ পূজাৰ আনন্দৰ মাজতে সৰ্থেবাৰীৰ ভক্তৰডবাত সংঘটিত হল ভয়ানক অগ্নিকাণ্ড। সৰ্থেবাৰীৰ ভক্তৰডবা বজাৰত সংঘটিত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ড। বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। এইদৰে বৈদ্যুতিক বিজুতিৰ ফলত দাউদাউকৈ জ্বলি উঠিল পাঁচখনকৈ দোকান।

নিমিষতে পুৰি ছাই হৈ গ’ল ব্যৱসায়ীক প্ৰতিষ্ঠান। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰা হয় যদিও ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ বৃহৎ ক্ষতি হয়। ভক্তৰডবা বজাৰত থকা ৰফিকুল ইছলাম, ৰফিকুল আলি, সুৰজ জামান আদি ব্যৱসায়ীৰ দোকান সম্পূৰ্ণৰূপে পুৰি ভষ্মীভূত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।