এন আৰ চিক লৈ হোজাই জিলা অল ইন্ডিয়া বেংগলী সন্থাৰ অনশন কার্যসূচী

 10/04/2019 - 17:20

লামডিংঃ দুর্গাপূজাৰ প্রাক মুহূর্তত শুকুৰবাৰে হোজাই জিলা অল ইন্ডিয়া বেংগলী অর্গানাইজেশনৰ উদ্যোগত লঙ্কা সার্কোল অফিচত অবস্থান অনশন কার্যসূচী পালন কৰা হয়। দাবী প্রতীক হাজেলা ষড়যন্ত্রমূলকভাবে হিন্দু বাঙালীক বিদেশী বনোৱা হৈছে। উপযুক্ত নথিপত্র থকা সত্ত্বেও বিদেশী ঘোষণা কৰি ডিটেনশন কেম্পত পঠোৱা হৈছে।

বেংগলী সংগঠনৰ নেতা ৰুপম দাস আৰু ৰাতুল মুখার্জীয়ে কয় হিন্দু বেংগলী নাগৰিকক নিঃস্বার্থ নাগৰিকত্ব দিব লাগিব আৰু হিন্দু বেংগলী মানুহক নিঃস্বার্থ ডিটেনশন কেম্পৰ পৰা মুক্তি দিব লাগিব। অন্যথা  ভৱিষ্যতে  ৰে’লপথ অৱৰোধ আৰু ৰাষ্ট্রীয় ঘাইপথ অৱৰোধৰ মাধ্যমে বৃহত্তৰ গণ আন্দোলন কৰিব বুলি সংবাদ মাধ্যমৰ আগত কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।