নলা বন্ধকৰি ঘৰ নিৰ্মাণৰ ফলত ছয় মাহে জলবন্দী সহশ্ৰাধিক পৰিয়াল

 10/04/2019 - 17:27

খাৰুপেটীয়াঃ অবৈধ নলা বেদখলৰ ফলত বছৰত ছয় মাহে জলবন্দী হৈ থাকে দৰঙৰ এখন গাঁও। এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে বিপন্ন কৰি তুলিছে অঞ্চলটোৰ সহশ্ৰাধিক পৰিয়ালক। অঞ্চলটোত নাই কোনো যাতায়ত ব্যৱস্থা। খাৰুপেটীয়াৰ পৰা টাংনী নদীলৈ পানী যোৱা নলা বন্ধ কৰি একাংশ ব্যক্তিয়ে ঘৰ বনোৱাত কৃত্ৰিম বানৰ সন্মুখীন হ’বলগা হয় হাজাৰ হাজাৰ লোক।

যাৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে ৰাস্তা ঘাটৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰী। খোৱাপানীৰ লগতে বিপাঙত পৰিছে স্কুললৈ যোৱা কণ কণ শিশুসকল। আনহাতে ছয়মাহে পানীত থকা বিদ্যুৎৰ খুটিয়ে ভয়ানক বিপদ আনিব পাৰে অঞ্চলখনত। এই বিদ্যুতৰ খুটিয়ে মৃত্যুৰ কাৰণ হ’ব পাৰে লৰা-ছোৱালীৰ বাবে। সেয়েহে নিজ খাৰুপেটীয়াৰ মাজেৰে যোৱা নলাখন মুকলি কৰি দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।