উত্তৰ গুৱাহাটীৰ দুৰ্গাপূজাৰ এইবাৰ আকৰ্ষণ ৭০ ফুট উচ্চতাৰ ৰাৱণ 

 10/04/2019 - 17:50

উত্তৰ গুৱাহাটীঃ শাৰদীয় দুৰ্গা পূজাকলৈ উথপথপ পৰিবেশ ঐতিয্য নগৰী উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটী আমিন গাৱঁত এইবেলি ২৭ খন পূজা মণ্ডপে ভুমুকি মাৰিছেI আমিন গাৱঁৰ ইষ্ট কলনী, আই চি ডি, মধ্যমবস্তি, শৰাইঘাট, শ্ৰী নাথ পট্টি, দয়াল নগৰ, কালিবাৰী, অৰ্জুন তল, এছ পি অফিচ, চিটিবৰ্ড, আই আই টি গেট, আৰু লাচিতপুৰI আমিন গাৱঁৰ বাৰখন পূজা মণ্ডপৰ ভিতৰত আই চি ডি আৰু ইষ্ট কলনীৰ পূজা আকৰ্ষণীয় হবI উত্তৰ গুৱাহাটী আমিনগাঁও অঞ্চলত আই চি ডি আৰু মধ্যমখণ্ডৰ বালিচৰত দুৰ্গা ক্ষেত্ৰৰ পুজাই ভক্তসকলৰ আকৰ্ষণ কেন্দ্ৰ বিন্দুত পৰিণত হ’ব বুলি ৰাইজে মতপোষণ কৰিছে।

আনহাতে উত্তৰ গুৱাটীৰ গৌৰীপুৰ, শিলাগ্ৰেন্ট, ঘোৰামাৰা, ফেৰীঘাট, কলেজ নগৰ, মধ্যমখণ্ড, শিলসাকোঁ, ১৮২৬ চনৰ পৰাই আয়োজিত  হৈ আহা উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা  গোসাই হাউলিৰ ন-গোসাঁইৰ পূজা, বেটালিয়ণ কেম্প, মণিকৰ্ণেশ্বৰ, ৰংমহল, আৰু লেঙাসহ মুঠ পোন্ধৰখন পূজা মণ্ডপত দুৰ্গা পূজা উদযাপিত হ’বI প্ৰতিবছৰে মধ্যমখণ্ডৰ পূজা মণ্ডপে ভক্ত দৰ্শনাৰ্থীক আকৰ্ষণৰ বাবে লুইতৰ পাৰত বৃহৎকায় ৰাবণ আৰু আতচবাজীৰ ব্যয়বহুল আয়োজন কৰি আহিছেl সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গাপূজা সমিতিৰ উদ্যোগত ১৯৭৭  চনৰ পৰা মধ্যমখণ্ডত আয়োজিত দূৰ্গাপূজা বৰ্তমান উত্তৰ গুৱাহাটী ৰাইজৰ  আকৰ্ষণ কেন্দ্ৰবিন্দু।

নৈৰ পাৰত আকৰ্ষণীয় প্ৰাকৃতিক পৰিৱেশত শিল্পী ৰমেন বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছে ৭০ ফুট উচ্চতাৰ ৰাৱণ। প্ৰতিদিনে পূজাৰ অন্তত ভক্তপ্ৰাণ ৰাইজৰ মনোৰঞ্জনৰ বাবে আয়তী নাম, নাগাৰা নামৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। আয়োজক সমিতিৰ তৰফৰ পৰা সম্পাদক সঞ্জীৱ শৰ্মাই পূজা কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰিছে। উত্তৰ গুৱাহাটীৰে চিলাস্হিত অগ্নি আৰু আপদকালীন সেৱা অসমৰ দ্বাৰা সাৰ্ব্বজনীন শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিছে। অসমৰ অগ্নি আৰু আপদকালীন সেৱাৰ কৰ্মচাৰী সকলৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত কামনা কৰিছে। ইফালে অসমৰ অন্যতম প্ৰাচীণ পূজা হিচাপে চিহ্নিত দীৰ্ঘেশ্বৰী দেৱালয়ত এইবেলি ম’হ ছাগলী হাহঁ বলিৰে দেবী বন্দিত হ’বl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।