ভেল্লাৰ ফুটবলত ছেমি ফাইনেলত প্ৰৱেশ ভেল্লা এফ চিৰ

 10/05/2019 - 20:43

বৰপেটাঃ বৰপেটাৰ ভেল্লাত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা অসম ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত শনিবাৰে অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত জয়ী হৈ ভেল্লা এফ চি ছেমি ফাইনেলত প্ৰৱেশ কৰে। শনিবাৰে ভেল্লা এফ চি আৰু সোণাপুৰ এফ চিৰ মাজত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত সোনাপুৰ হৈ দ্বিতীয়াৰ্ধৰ ৪৫ মিনিটত ৰাহুল বড়োৱে এটি গ’ল দিয়ে। ভেল্লাৰ হৈ ৫০ মিনিটত গ’লটি পৰিশোধ কৰে প্ৰণৱ দাসে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন অন্তিম সময়লৈকে ১-১ গ’লত ড্ৰ হৈ ৰয়। অৱশেষত ৰেফাৰীয়ে টাইব্ৰেকাৰ পদ্ধতিৰে খেলখনৰ মীমাংসা কৰে। টাইব্ৰেকাৰত সাময়িকভাবে ৫-৪ গ’লৰ ব্যৱধানত ভেল্লা এফ চি জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে।

অহা ৯ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত গোৱালপাৰা এফ চি আৰু নাইজেৰিয়ান খেলুৱৈৰে সমৃদ্ধ বঙাইগাঁও এলেভেন ষ্টাৰে অংশগ্ৰহণ কৰিব বুলি খেল পৰিচালনা সমিতিৰ সভাপতি মৌচম নাজিম আৰু সম্পাদক নেকিবুৰ ৰহমানে জানিবলৈ দিয়ে। শনিবাৰে খেলখন পৰিচালনা কৰে হাচমত আলী লাইনত সহায় কৰে বিজন নাথ, ছফিকুল হক (দীপ) আৰু চতুৰ্থ ৰেফাৰী হিচাপে সহযোগ কৰে হাবিবুল্লাহ ফিদ্দুছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।