নলবাৰীত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

 10/05/2019 - 21:11

নলবাৰীঃ চীনত নিৰ্মিত সামগ্ৰী সম্পূৰ্ণ আৰু সৰ্বাত্মকভাবে বৰ্জন কৰাৰ বাবে আহ্বান জনায় হিন্দু যুৱ ছাত্ৰ পৰিষদে। শনিবাৰে নলবাৰীত শ্ৰী শ্ৰী হৰিমন্দিৰৰ ওচৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা সমিতিয়ে চীনা সামগ্ৰীৰ প্ৰতীকী দাহ কৰে। প্ৰতিবাদকাৰীসকলে চীনা সামগ্ৰী বৰ্জন কৰক, চীনা সামগ্ৰী ক্ৰয় কৰি পাকিস্তানক সহায় নকৰিব আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দিলীপ মজুমদাৰ, উপ সভাপতি ৰাকেশ দে আৰু সম্পাদক ডিম্বেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে এপদ চীনা সামগ্ৰী ক্ৰয় কৰা মানে পাকিস্তানক ভাৰতীয় সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ এটা গুলীৰ দাম দিয়া।

যেতিয়ালৈকে চীনে ভাৰতৰ আগচাই চীনৰ অবৈধ দখল এৰি নিদিব, যেতিয়ালৈকে এন এছ জিত ভাৰতৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দি থাকিব, যেতিয়ালৈকে হাফিজ চৈয়দক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাত একমত নহ'ব, যেতিয়ালৈকে ভাৰতবিৰোধী কাৰ্যকলাপ পৰিত্যাগ নকৰিব তেতিয়ালৈকে ভাৰত তথা অসমৰ লোকে চীনা সামগ্ৰী ক্ৰয় বিক্ৰয় নকৰাৰ বাবে অনুৰোধ জনায় সংগঠনটোৱে। পৰিষদৰ নেতা কৰ্মীসকলে কয়যে চীনে অসমক মৰুভূমি কৰি ব্ৰহ্মপুত্ৰৰ পানী চীনৰ মৰুভূমিলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰিছে।

এই কাৰ্য অসমক ভাল পোৱা কোনো লোকে মানি ল'ব নোৱাৰে। ইমানৰ পিছতো যদি কোনোবাই চীনা সামগ্ৰী ক্ৰয়-বিক্ৰয় অব্যাহত ৰাখে সেয়া দেশদ্ৰোহিতাৰ নামান্তৰ বুলিও অভিহিত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।