শালবাৰীৰ খয়ৰবাৰীত প্ৰধানমন্ত্ৰী আৱাস কেলেংকাৰী

 10/06/2019 - 11:51

শালবাৰীঃ বাক্সাৰ শালবাৰীত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰীৰ আৱাস কেলেংকাৰীৰ এক ঘটনা৷ এটি দুখীয়া নিছলা পৰিয়ালৰ পৰা ঘৰ দিয়াৰ নামত মেম্বাৰে আদায় কৰিছিল ধন৷

তৎস্বত্বেও দুখীয়া পৰিয়ালটোৱে লাভ কৰিবলৈ সক্ষম নহ’ল ঘৰটো৷ প্ৰাপ্ত তথ্যমতে বাক্সাৰ শালবাৰীৰ পশ্চিম খয়ৰবাৰীৰ এটা জুপুৰী সদৃশ ঘৰত বাস কৰা ধনজিৎ দাস নামৰ লোকজনৰ পৰা সেই অঞ্চলৰ স্থানীয় ভিচিডিচিৰ মেম্বাৰ লোকনাথ শৰ্মাই চাৰিবছৰ পূৰ্বে অৰ্থাৎ ২০১৬ চনতেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি গৃহ মোকোলাই দিয়াৰ নামত আদায় কৰিছিল ৫৫০০ টকা৷

সেই সময়তে ঘৰটোৰ ফটো আদিও উঠাই নিছিল মেম্বাৰ লোকনাথ শৰ্মাই৷ ধনজিৎ দাসৰ নামত থকা ঘৰটো আজি দিম কাইলৈ দিম বুলি চাৰিবছৰে ঠগ-প্ৰৱঞ্চনা কৰি অহা মেম্বাৰ লোকনাথ শৰ্মাই পৰৱৰ্তী সময়ত চাৰিবছৰ পূৰ্বে উঠাই নিয়া ঘৰৰ ফটোকপিটো কিছুদিন পূৰ্বে ধনজিৎ দাসক ওভতাই দি আগন্তুক দুমাহৰ ভিতৰত ঘৰটো মোকোলাই দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে যদিও এক সুত্ৰৰ পৰা জানিবলৈ পোৱামতে আগন্তুক দুমাহৰ ভিতৰত মেম্বাৰ লোকনাথ শৰ্মাৰ কাৰ্যকালেই অন্ত পৰিব৷ গতিকে এই সময়ছোৱাত মেম্বাৰ লোকনাথ শৰ্মাই দুখীয়া পৰিয়ালটোক ঘৰ মোকোলাই দিয়া কথাটোও তেনেই সাঁথৰ হৈ পৰিছে৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ সুদৃষ্টি কামনা কৰিছে ধনজিৎ দাসৰ পৰিয়ালটোৱে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।