গোলাঘাটত পূজাৰ মেলাত আমছুৰ বস্ত্ৰ প্ৰদান

 10/06/2019 - 11:55

গোলাঘাটঃ চৌদিশে শাৰদীয় দুৰ্গোৎসবৰ আনন্দ উল্লাস। দুৰ্গাপূজা বুলি ক’লে সকলো জাতি ধৰ্মৰ লোকসকলে আনন্দ উল্লাসৰ মাজেৰে পালন কৰে। আৰু নতুন বস্ত্ৰ পৰিধান কৰি পূজা উপভোগ কৰে। কিন্ত আমাৰ সমাজত এতিয়াও এচাম এনে লোক আছে যি সকল লোকে অতি দুখৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হয়। এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয়।

আৰু দুৰ্গোৎসৱৰ এই আনন্দ উল্লাসৰ মাজতে এই দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে গোলাঘাট জিলা আমছু। আমছুৰ এটা সজাতি দলে গোলাঘাট নগৰত দুৰ্গোৎসৱৰ মেলাত ঘুৰি ফুৰা কন কন দৰিদ্ৰ শিশুসকলক বস্ত্ৰ প্ৰদান কৰি এক মহানুভৱতাৰ পৰিচয় দিয়ে। দেওবাৰ পৰা চাৰিদিনিয়া কাৰ্যসূচীৰে আনুস্থিত এই বস্ত্ৰ প্ৰদান কাৰ্যসূচীত কেইবা শতাধিক দৰিদ্ৰ শিশুক গোলাঘাট জিলা আমছুৰ তৰফৰ পৰা বস্ত্ৰ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।