বান্নাত মাদ্ৰাছাৰ উদ্যোগত বৃক্ষৰোপন আৰু প্লাষ্টিক বৰ্জন অভিযান

 10/06/2019 - 12:07

বিশ্বনাথ চাৰিআলি: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰতবৰ্ষতে গ্ৰহণ কৰিছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী৷ তাৰ সমান্তৰালভাৱে শনিবাৰে ১ নং আদাভেটি হজৰত উম্মে ছালমা (ৰা:) বান্নাত মাদ্ৰাছাৰ উদ্যোগত বৃক্ষৰোপন আৰু প্লাষ্টিক বৰ্জন অভিযান কাৰ্যসূচী গ্ৰহণ কৰে। মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে হাতে হাতে ঝাড়ু লৈ এক সমদল উলিয়াই। ছাত্ৰ ছাত্ৰীসকলে সমদল কৰি মিলনপুৰ চেন্টাৰত চাফাই অভিযান চলায়।

শনিবাৰে পুৱাৰে পৰা মাদ্ৰাছাখনত বৃক্ষৰোপন কাৰ্যসূচী সমাপ্ত কৰি মিলনপুৰ চেন্টাৰৰ বিভিন্ন প্ৰান্তত হাতে হাতে ঝাড়ু লৈ চাফাই কৰাৰ লগতে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্লাষ্টিক বৰ্জন কৰক, গছপুলি ৰোপন কৰক, ডাষ্টবিন ব্যৱহাৰ কৰক আদি শ্ল'গান দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশহিচাপে মাদ্ৰাছাখনে এই কাৰ্যসূচী ৰূপায়ণ কৰে৷

মাদ্ৰাছাখনে আগন্তুক দিনবোৰতো এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে প্ৰধান শিক্ষক আবু তাহিৰে। এই প্লাষ্টিক বৰ্জন অভিযান কাৰ্যসূচীত মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি ছৈয়দ আলি, সম্পাদক আব্দুল লতিফ, স্থানীয় সমাজকৰ্মী জেহিৰুল ইছলাম, শিক্ষক নুৰ ইছলাম, মইনুল হক, সমাজ কৰ্মী ইউনুচ আলি, আব্দুল মজিদ, আতিকুৰ ৰহমানে সহযোগ কৰি ৰাইজক স্বচ্ছতা আৰু প্লাষ্টিক বৰ্জনৰ দিশত সজাগ- সচেতন হ'বলৈ আহবান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।